
নগাঁও, ৩১ মে’ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ আমবাগানৰ দক্ষিণ ভোমোৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ কৰা হয় । তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় এজন পথচাৰী আৰু আহত হয় দুই বাইক আৰোহী । নিহত হোৱা লোকজন দক্ষিণ ভোমোৰাগুৰিৰ লক্ষী মণ্ডল বুলি জানিব পৰা গৈছে । আহত হোৱা দুই বাইক আৰোহী হৈছে শালপাৰাৰ সঞ্জিত বসুমতাৰী আৰু বিষ্ণু বসুমতাৰী ।
ইফালে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে গতিৰোধকৰ দাবীত নগাঁও-নলতলী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰে । ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ আহত তিনিওকে জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও লক্ষী মণ্ডল নামৰ লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে সোনকালেই গতিৰোধক দিয়াৰ আশ্বাস প্ৰদান কৰাত ৰাইজে অৱৰোধ কৰা পথ খুলি দিয়ে। পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ এএছ ১২ এএফ ৭২৬৩ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ