চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা–ডাম্পাৰৰ খুণ্ডাত মহিলা নিহত
চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা।
চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা–ডাম্পাৰৰ খুণ্ডাত মহিলা নিহত


নগাঁও, ৩১ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শনিবাৰে বিয়লি সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ডাম্পাৰৰ খুন্দাত নিহত হয় এগৰাকী মহিলা পথচাৰী । চামগুৰি তিনিআলিত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

জানিব পৰামতে, ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই এগৰাকী মহিলাক মহতিয়াই নিয়ে এখন তীব্ৰবেগী ডাম্পাৰে। দুৰ্ঘটনাগ্ৰস্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে।মৃত মহিলাগৰাকীৰ নাম আস্মিনা বেগম বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ চপতকাৰা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, অবৈধভাৱে গঢ় লৈ উঠা বেটাৰী চালিত ৰিক্সা ষ্টেণ্ডৰ ফলত চামগুৰি তিনিআলিৰ উপ-পথসমূহ প্ৰায়ে আবদ্ধ হৈ থাকে।লগতে বিশৃংখলভাৱে বাহন ৰখোৱাৰ ফলত সৃষ্টি হয় তীব্ৰ যান-জঁট, যিয়ে পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande