
মৰিগাঁও, ৩১ মে’ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ গতিত মটৰ চাইকেল চলাই এই দুৰ্ঘটনা সংঘটিত কৰে। উদণ্ড বাইক চালকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পথচাৰীৰ লগতে চাৰি বাইক আৰোহী।
উল্লেখ্য যে, লাহৰীঘাটৰ ধূপগুৰিত যোৱ কালি শনিবাৰে সন্ধিয়া এএছ ২১ কিউ ০৮৫৭ নম্বৰৰ এখন বাইকেৰে চাৰি গৰাকী যুৱকে দ্ৰুত গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন পথচাৰীৰ লগতে বাইক খনত উঠি অহা তিনিগৰাকী আৰোহী । স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকেইজনকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুজনক নগাঁৱলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ