
নতুন দিল্লী, ৩১ মে’ (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ সমকক্ষ তথা অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছৰ সৈতে অহা ১ জুনত নতুন দিল্লীত ভাৰত-অষ্ট্ৰেলিয়া ডিফেন্স মিনিষ্টাৰ ডায়ল’গ ( প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ আলোচনা)ৰ সহ-সভাপতিত্ব কৰিব।
আলোচনাত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰা, সামৰিক আন্তঃকাৰ্য্যক্ষমতা বৃদ্ধি, উদ্যোগৰ সহযোগিতা, আৰু পাৰস্পৰিকভাৱে উপকাৰী আঞ্চলিক আৰু বিশ্বব্যাপী নিৰাপত্তা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই বৈঠকে দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব, কৌশলগত বিশ্বাস আৰু সহযোগিতা বৃদ্ধি কৰিব, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থিতিশীলতা আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰিব বুলি আশা কৰা হৈছে।
২০২৫ চনৰ অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা প্ৰথম আলোচনাৰ পিছত ৰিচাৰ্ড মাৰ্লছৰ এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান গতিৰ প্ৰতিফলন ঘটায়। ভাৰতৰ মুকলি, সৰ্বাংগীন, আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ দৃষ্টিভংগীত অষ্ট্ৰেলিয়া এক মূল অংশীদাৰ। এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু শক্তি প্ৰদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া