
নতুন দিল্লী, ৩১ মে’ (হিি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দক্ষিণ দিল্লীৰ সাকেট মেট্ৰ’ ষ্টেচনৰ সমীপত অট্টালিকা ভাঙি পৰা স্থান পৰিদৰ্শন কৰে। এই ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে ৮ জন আহত হৈছে, ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক।
ইয়াত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। বৰ্তমানেও চিকিৎসক উপস্থিত থকাৰ লগতে পৰম সাৱধানতাৰে উদ্ধাৰ অভিযান চলাই থকা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
এনে সকলো অকৰ্তৃত্বশীল অট্টালিকা আৰু ইয়াৰ বাবে দায়বদ্ধ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে। অট্টালিকাটো ভাঙি পৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰৰ গুৰুত্ব উদ্ধাৰ অভিযানত।
এনডিআৰএফ, দিল্লী অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, ডিডিএমএ, এমচিডি, কেটিএছ, আৰু অসামৰিক প্ৰতিৰক্ষাৰ দলসমূহে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলাই আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। আৱদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই আনি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিকভাৱে সাহায্য প্ৰদানৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ উল্লেখ কৰে যে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু সকলো সংশ্লিষ্ট সংস্থাই সমন্বয়ৰে কাম কৰি আছে। প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু মংগল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
উল্লেখযোগ্য যে দক্ষিণ দিল্লীৰ সাকেট মেট্ৰ’ ষ্টেচনৰ সমীপৰ ছৈদুল্লাজাব অঞ্চলত শনিবাৰে সন্ধিয়া এটা চাৰি মহলীয়া বাণিজ্যিক ভৱন হঠাতে ভাঙি পৰে। দুৰ্ঘটনাটোৱে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে ধূলিৰ ডাঠ ডাৱৰে আগুৰি ধৰে। অট্টালিকাটোৰ ধ্বংসাৱশেষ ওচৰৰ কেণ্টিন এখনত হেঁচা মাৰি ধৰে। সেই সময়ত কেন্টিনত খাদ্য গ্ৰহণ কৰি থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰিছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, অট্টালিকাটো ভাঙি পৰাৰ তথ্য লাভ কৰা হয় শনিবাৰে সন্ধিয়া ৭:৪৪ বজাত । ততাতৈয়াকৈ ৭টা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ছৈদুল্লাজাবৰ ৫ নং লেনত অৱস্থিত অট্টালিকাটোৰ চতুৰ্থ মহলাত নিৰ্মাণ কাৰ্য চলি আছে। উদ্ধাৰকাৰী দল যেতিয়া সেই স্থানত উপস্থিত হয়, তেতিয়া সমগ্ৰ অট্টালিকাটো কংক্ৰিটৰ ধ্বংসাৱশেষ, বেঁকা হৈ পৰা লোহা আৰু ভঙা খুঁটাৰ বিশাল স্তূপলৈ পৰিণত হৈছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ