মুখ্যমন্ত্ৰী খাণ্ডুৰ পদত্যাগৰ খবৰ ভুৱা : বিজেপি
ইটানগৰ, ৩১ মে’ (হি.স.)। অৰুণাচল প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে দেওবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পদৰ পৰা পদত্যাগ কৰিব বুলি দাবী কৰি ছ’চিয়েল মিডিয়া আৰু একাংশ ডিজিটেল প্লেটফৰ্মত প্ৰচাৰিত বাতৰিৰ তীব্ৰ খণ্ডন কৰে। বিজেপিয়ে এই বাতৰিসমূহক ‘ফেক
अरुणाचल प्रदेश भाजपा मुख्यालय में रविवार को आयोजित संवाददाता सम्मेलन का दृश्य


ইটানগৰ, ৩১ মে’ (হি.স.)। অৰুণাচল প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে দেওবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পদৰ পৰা পদত্যাগ কৰিব বুলি দাবী কৰি ছ’চিয়েল মিডিয়া আৰু একাংশ ডিজিটেল প্লেটফৰ্মত প্ৰচাৰিত বাতৰিৰ তীব্ৰ খণ্ডন কৰে। বিজেপিয়ে এই বাতৰিসমূহক ‘ফেক নিউজ’ বুলি অভিহিত কৰি কেন্দ্ৰীয় বিজেপিৰ সৈতে আলোচনাৰ অন্তত ভুল তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে।

দেওবাৰে ইটানগৰস্থিত বিজেপিৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ সভাপতি কালিং ময়ঙে এই বাতৰিসমূহত কোনো সত্যতা নাই বুলি উল্লেখ কৰি খাণ্ডুৱে সম্পূৰ্ণ কৰ্তৃত্ব আৰু দায়িত্ব লৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি যাব বুলি জোৰ দিয়ে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পদত্যাগৰ বাতৰি সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ। এনে ভুৱা তথ্য প্ৰচাৰক আমি তীব্ৰ গৰিহণা দিছো।

যদিও উচ্চতম ন্যায়ালয়ে দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছে, তথাপিও এনে কোনো প্ৰতিবেদন নাই, দলৰ ভিতৰতো এনে কোনো পৰিকল্পনা নাই। দৰাচলতে বিজেপিৰ ৪৬ গৰাকী বিধায়কে মুখ্যমন্ত্ৰী খাণ্ডুৰ সৈতে থিয় দি ৰাজ্যৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।

ময়ঙে কয় যে যদি উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰায় দিয়ে তেন্তে দলে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু এতিয়া নহয়, কিয়নো এতিয়াও তদন্ত চলি আছে। তেওঁ লগতে কয় যে দিল্লী আৰু অৰুণাচল প্ৰদেশৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। এনে ঘটনা সংঘটিত হ’লে আমি নিশ্চিতভাৱে এই বিষয়ে গম পালোঁহেঁতেন৷ এই উৰাবাতৰিৰ কোনো সত্যতা একেবাৰেই নাই।

বিজেপিৰ সাধাৰণ সম্পাদক তাদাৰ নিগলাৰে দলৰ ঐক্যৰ কথা পুনৰবাৰ উল্লেখ কৰি কয় যে দলৰ সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ কয় যে সকলো বিধায়ক একে নেতৃত্বত আছে আৰু দলত কোনো বিভাজন নাই।

মুখ্যমন্ত্রীৰ পদত্যাগৰ সন্দর্ভত শেহতীয়া ভুৱা বাতৰি প্রচাৰৰ লগত জড়িত যিকোনো বিজেপি সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে ৷

তেওঁ লগতে কয়, অৱশ্যে এই ভুৱা বাতৰিৰ আঁৰত যদি বিজেপিৰ কোনোবা কোনোবা থাকে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande