
নগাঁও, ৩১ মে’ (হি.স.): কলিয়াবৰৰ হাতীমূৰাত যোৱা কালি শনিবাৰৰ বিয়লিৰ পৰা ১৬৩ ধাৰা জাৰি কৰা হৈছে । হাতীমূৰাৰ খহনীয়া অঞ্চলত জাৰি কৰা হৈছে ১৬৩ ধাৰা । ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা অনুসৰি কলিয়াবৰ সমজিলা প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনা ।
উল্লেখ্য় যে বিগত কিছুদিনৰ পৰা হাতীমূৰা অঞ্চলত হৈ থকা ব্যাপক খহনীয়াৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সম-জিলা প্ৰশাসনে ১৬৩(১) ধাৰা সমগ্ৰ অঞ্চলটোত জাৰি কৰে । কলিয়াবৰৰ খহনীয়া হৈ থকা হাতীমূৰাৰ আশে পাশে ৪ জন বা ততোধিক লোক একে ঠাইতে গোট খাব নোৱাৰিব । দিন- ৰাতি বাৰিষা কালছোৱা অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব । এই আইন উলঙ্ঘা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ২২৩ৰ লগতে আন প্ৰযোজ্য আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ