
কামৰূপ, ৩০ মে (হি.স.): কামৰূপ জিলাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা বজাৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা । দুই পক্ষৰ মাজত সংঘটিত মাৰপিটত কেইবাজন লোক আহত হৈছে। আহতসকলক চিকিৎসাৰ বাবে সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাইছে।
জানিব পৰা মতে, অঞ্চলটোৰ টিয়াপাৰা গাঁৱৰ ঠিকাদাৰ সমেজ উদ্দিন আৰু বদলা বজাৰ পৰিচালনা সমিতিৰ সভাপতি আক্ৰাম হুছেইনৰ পৰিয়ালৰ মাজত পূৰ্বে সংঘটিত এক বিবাদৰ মিমাংসাৰ বাবে বহা ৰাইজ মেলতে দুয়োটা পক্ষই এনেদৰে মাৰপিটত লিপ্ত হয়। দুয়োটা পক্ষৰ প্ৰায় ৫০ জনীয়া দলে হাতে হাতে লাঠি লৈ আক্ৰমণ প্ৰত্যাক্ৰমণত লিপ্ত হয় । ঘটনাস্থলীত টুপামাৰী আৰু সোণতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনাত জড়িত থকাৰ অভিযোগত কেইবাজন লোকক আটক কৰিছে আৰক্ষীয়ে। এই ভয়ংকৰ মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ