কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু, আহত কেইবাজনো
নগাঁও, ৩০ মে’ (হি.স.)। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কচুৱাৰ কান্দাপাৰা আৰু ৰাঙলুবস্তিত আজি শনিবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা সহ দুজনৰ মৃত্যু হয় । সাহাজ উদ্দিন আৰু হনুফা খাতুন নামৰ এগৰাকী মহিলাৰ হাতীৰ
কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু, আহত কেইবাজনো


নগাঁও, ৩০ মে’ (হি.স.)। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কচুৱাৰ কান্দাপাৰা আৰু ৰাঙলুবস্তিত আজি শনিবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা সহ দুজনৰ মৃত্যু হয় । সাহাজ উদ্দিন আৰু হনুফা খাতুন নামৰ এগৰাকী মহিলাৰ হাতীৰ গচকত মৃত্যু হয় ।

হাতীয়ে ঘৰৰ ভিতৰৰ পৰা টানি আনি হনুফা খাতুন নামৰ মহিলা গৰাকীক আক্ৰমণ কৰি নিহত কৰে বুলি মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়ে । ওৰে নিশা অঞ্চলটোত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে । হাতীৰ আক্ৰমণত

দুগৰাকীৰ মৃত্যু হোৱাৰ ওপৰিও আন কেইবা গৰাকী লোক গুৰুতৰ ভাবে আহত হয় বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ সমগ্ৰ কচুৱাত শোঁকত ছা পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande