উত্তৰকাশীৰ গংগাননীত গাড়ী খাৱৈত পৰি দুজনৰ মৃত্যু, তিনিজন আহত
উত্তৰকাশী, ৩০ মে’(হি.স.)। উত্তৰকাশী জিলাৰ গংগাননী-ভাটৱাড়ী পথত গভীৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। গাড়ীখনত মুঠ পাঁচজন লোক আছিল। দুৰ্ঘটনাটোৰ পিছতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)য়ে আন্ধাৰ আ
एसडीआरएफ रेस्क्यू करती हुई।


উত্তৰকাশী, ৩০ মে’(হি.স.)। উত্তৰকাশী জিলাৰ গংগাননী-ভাটৱাড়ী পথত গভীৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। গাড়ীখনত মুঠ পাঁচজন লোক আছিল। দুৰ্ঘটনাটোৰ পিছতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)য়ে আন্ধাৰ আৰু কঠিন পৰিস্থিতিত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আহতসকলক উদ্ধাৰ কৰে।

তথ্য অনুসৰি শুকুৰবাৰে গভীৰ নিশা এছডিআৰএফে ডিচিআৰ উত্তৰকাশীৰ পৰা তথ্য লাভ কৰে যে এখন চুইফট গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই গংগাননীৰ সমীপত গভীৰ খাৱৈত পৰি গৈছে। এই তথ্য লাভ কৰাৰ লগে লগে উপ-পৰিদৰ্শক গব্বৰ সিঙৰ নেতৃত্বত ভটৱাদী পোষ্টৰ এছ ডি আৰ এফৰ দল আৰু কনিষ্টবল শক্তি সিঙৰ নেতৃত্বত উজেলী পোষ্টৰ দলটোৱে প্ৰয়োজনীয় উদ্ধাৰ সা-সঁজুলি লৈ ঘটনাস্থলীত উপস্থিত হয়। আহি পোৱাৰ লগে লগে দলটোৱে গাড়ীখন দ খাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। থিতাতে দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হৈছিল।

নিহত দুজন হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ নিবাসী দামোদৰ হৰিৰামজী ৰামটেকাৰ (৭৭) আৰু লক্ষ্মী দামোদৰ ৰামটেকাৰ (৬৭)। আহতসকলৰ ভিতৰত ওড়িশাৰ ভুৱনেশ্বৰ নিবাসী বিমল কুমাৰ প্ৰধান (৬১); পঞ্জাৱৰ বাসিন্দা যশবীৰ (৩৫); আৰু ওড়িশাৰ ভুৱনেশ্বৰৰ বাসিন্দা উপাসনা প্ৰধান (৫৪)।

নিশাৰ আন্ধাৰ আৰু কঠিন ভূখণ্ডৰ মাজতো এছডিআৰএফৰ জোৱানসকলে দ্ৰুত উদ্ধাৰ অভিযান চলায়। আহতসকলক নিৰাপদে খাৱৈৰ পৰা উলিয়াই আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পথত উপস্থিত হোৱাৰ পিছত এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। খাৱৈৰ পৰা উদ্ধাৰ কৰি জিলা আৰক্ষীক গতাই দিয়ে মৃতদেহ কেইটা। আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande