ৰূপহীহাটত এক সন্তানৰ মাতৃ বিগত একমাহে নিৰুদ্দেশ
নগাঁও, ৩০ মে (হি.স.)। ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা এক সন্তানৰ মাতৃ বিগত একমাহে নিৰুদ্দেশ হৈ থকাক লৈ চাঞ্চল্যৰ সৃষ্টি। পত্নীক বিচাৰি হাঁহাকাৰ স্বামী আব্দুল আজিজৰ। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ গৈ নিৰুদ্দ
ৰূপহীহাটত এক সন্তানৰ মাতৃ বিগত একমাহে নিৰুদ্দেশ


নগাঁও, ৩০ মে (হি.স.)। ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা এক সন্তানৰ মাতৃ বিগত একমাহে নিৰুদ্দেশ হৈ থকাক লৈ চাঞ্চল্যৰ সৃষ্টি।

পত্নীক বিচাৰি হাঁহাকাৰ স্বামী আব্দুল আজিজৰ।

কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ গৈ নিৰুদ্দেশ হৈ আছে নুৰ জাহান খাতুন ওৰফে মইনা।

একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰি ঘৰলৈ উভতি আহিবলৈ আহ্বান স্বামীৰ।

আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত লিখিত জাননী দাখিল কৰে।

কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা এই গৰাকী নুৰ জাহানৰ সন্ধান লাভ কৰে তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান স্বামীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande