
শিৱসাগৰ, ৩০ মে’ (হি.স.): শিৱসাগৰ জিলাৰ বেতবাৰীত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই ঘটনা ঘটে ।
দুৰ্ঘটনাটোত তিনিগৰাকী ব্যক্তি আহত হয় । আহত কেইজনৰ নাম মৃদুপৱন দত্ত, ৰুবি ৰবি দাস আৰু দীপক দাস বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত বিধ্বস্ত হৈ পৰে এ এছ ০৪ ইউ ৬০৫৬ নম্বৰৰ বাহনখন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ