পৰ্বতঝোৰাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ২, আহত ১
পৰ্বতঝোৰাত শোকাবহ দুৰ্ঘটনা।
পৰ্বতঝোৰাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ২, আহত ১


কোকৰাঝাৰ, ৩০ মে’ (হি.স.) : ঈদৰ আনন্দ উল্লাহৰ মাজতেই কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । দুখন বিপৰীত মুখী মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।

বাইকৰ মুখামুখি সংঘৰ্ষত দুজন যুৱক নিহত হোৱাৰ লগতে আহত হয় এগৰাকী মহিলা । চুপাৰিঘাট -কাজিগাঁও সংযোগী পথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ঘটে । নিহত যুৱক দুজন কাজিগাঁৱৰ মিৰাজুল ইছলাম আৰু বৰভিটাৰ চাইদুল ইছলাম বুলি পৰিচয় পোৱা গৈছে ।ইফালে সংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পতাল (DMCH) লৈ প্ৰেৰণ কৰা হয় । পিছত কাজিগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande