মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা


মৰিগাঁও, ৩০ মে’ (হি.স.): মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ দলবাৰীত যোৱা কালি শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । মৰিগাঁও দিশৰ পৰা জালুগুটি অভিমুখে আহি থকা এএছ ০২ এজে ১৪৮৫ নম্বৰৰ এখন মটৰ চাইকেলক পিছ পিনৰ পৰা খুন্দিয়াই বহু দুৰত উফৰাই পেলায় । ফলত এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বাৰান্দাত পৰে গৈ বাইক চালকজনৰ লগতে আন এজন আৰোহী।

ইফালে দূৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাৰিচকীয়া বাহনখন । স্থানীয় ৰাইজে ততাতৈয়াকৈ সংকটজনক অৱস্থাত বাইক আৰোহী দ্ব্যক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পিছত যুৱকজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে মৰিগাঁও আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰি দূৰ্ঘটনা সংঘটিত কৰা বাহনখন এক বিশেষ স্থানৰ পৰা জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande