
কাৰ্বি আংলং, ৩০ মে’ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক । যোৱা কালি শুকুৰবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰামতে, খটখটি সাপ্তাহিক বজাৰৰ সমীপত থকা সাগৰ কমপ্লেক্স পাৰ্কিঙত এনএল এএ ৪০২১ নম্বৰৰ ১৬ চকীয়া ট্ৰাকখনে পাৰ্কিং কৰি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো । ডিমাপুৰৰ দিশৰ পৰা আহি থকা এএছ ০৫ জে ৫২৬৫ নম্বৰৰ স্কুটিখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । দুৰ্ঘটনাটোত স্কুটিখনত থকা দুয়োগৰাকী আৰোহী নিহত হয় । নিহত স্কুটি আৰোহী দুগৰাকী ক্ৰমে খটখটি কছাৰী গাৱঁৰ গণেশ হাজৰিকা আৰু জৰ টকবি গাৱঁৰ সঞ্জু সুৰেন বুলি চিনাক্ত কৰা হৈছে । ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে পুলিচ প্ৰশাসনৰ নিৰ্দেশ থকাৰ পাছতো এই পাৰ্কিঙ সমূহত নিয়ম বহিৰ্ভূত ভাৱে গাড়ী পাৰ্কিং কৰা পৰিলক্ষিত হৈছে।গাড়ী সমূহে কোনো ধৰণৰ চিগনেল লাইট, পাৰ্কিং লাইট ব্যৱহাৰ নকৰাৰ বাবেই আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকাৰ বাবেই চিমেণ্টৰ গুদামটোৰ সমুখতে এক সপ্তাহৰ পূৰ্বেও এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ