ঢোলমাৰাৰ দুই ছাত্ৰীৰ মৃত্যুৰ ন্যায় বিচাৰি আছাৰ উদ্যোগত মমবাতি লৈ বিশাল সমদল
ন্যায় বিচাৰি আছাৰ উদ্যোগত মমবাতি লৈ বিশাল সমদল কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা গাঁৱত।
ঢোলমাৰাৰ দুই ছাত্ৰীৰ মৃত্যুৰ ন্যায় বিচাৰি আছাৰ উদ্যোগত মমবাতি লৈ বিশাল সমদল


কোকৰাঝাৰ, ৩০ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা গাঁৱত যোৱা ২১ মে’ত দুগৰাকীকৈ ছাত্ৰীৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । ছাত্ৰী দুগৰাকীৰ মৃত্যুক লৈ অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে সন্ধিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ঢোলমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ছাত্ৰী দুগৰাকীৰ মৃত্যুৰ ন্যায় আৰু ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত বিচাৰি এক বিশাল সমদল বাহিৰ কৰা হয় ৷

ঢোলমাৰা দূৰ্গা মন্দিৰৰ পৰা হাইস্কুল খেলপথাৰলৈ হাতে হাতে মমবাতি লৈ উলিওৱা সমদলত আছাৰ লগতে আক্ৰাছুৰ নেতা - কৰ্মী তথা স্থানীয় কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰী সকলে প্ৰয়াত ছাত্ৰী দুগৰাকীৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে ছাত্ৰী দুগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবীত সৰব হৈ পৰে । সমদলত অংশ লোৱা আছাৰ নেতৃত্বই ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰা চাহ বাগিছাৰ পৰিচালক গোলাম মোস্তাফা আৰু এজাহান আলীক তদন্তৰ আওতাত নি ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত কৰা আৰু দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande