
তিনিচুকীয়া, ৩০ মে’ (হি.স.): ৰজা ফেঁটী সাপৰ দংশনত গুৰুতৰভাৱে আক্ৰান্ত হয় পৰিৱেশ আৰু বন্যপ্ৰাণী কৰ্মী দেৱজিৎ মৰাণ ।যোৱা কালি শুকুৰবাৰে বিয়লি ডিগবৈৰ ওপৰ মামৰণী গাঁৱত ৰজা ফেঁটী সাপ উদ্ধাৰ কৰি টিংৰাই হাবিত মেলি দিবলৈ যাওঁতেই পৰিৱেশ আৰু বন্যপ্রাণী কর্মী দেৱজিৎ মৰাণৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় ।
ৰজা ফেঁটী সাপ উদ্ধাৰৰ সময়তে এই অঘটন হোৱাত ততাতৈয়াকৈ চাবুৱাৰ টাটা মেডিকেল হস্পিটেলত ভৰ্ত্তি কৰোৱা হয়। বর্তমান তেওঁ সংকট মুক্ত বুলি জানিবলৈ দিয়ে চাবুৱাৰ টাটা মেডিকেল হস্পিতালৰ কৰ্তৃপক্ষই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ