
বৰপেটা, ৩০ মে’ (হি.স.)। বৰপেটা জিলাৰ চেঙা অঞ্চলৰ যুৱ সমাজৰ স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আজি চেঙা বজাৰ চাৰিআলিত জেডজি ফিটনেচ জিম (ZG Fitness Gym) নামৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় । এই অত্যাধুনিক জিমটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে মি০ ইণ্ডিয়া বঁটা বিজয়ী বডীবিল্ডাৰ দিলিপ দেউৰীয়ে ।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি দিলিপ দেউৰীয়ে কয় যে শৰীৰ চৰ্চা কেৱল শৰীৰ গঢ়াৰ বাবেই নহয়, মানসিকভাৱে শক্তিশালী হোৱাৰো এক মাধ্যম । গাঁও অঞ্চলত এনেকুৱা আধুনিক জিম স্থাপন হোৱাটো অতি আদৰণীয় পদক্ষেপ।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিজচেঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা ববিতা তালুকদাৰ, চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ সম্পাদক ফিৰোজ তালুকদাৰ আৰু চেঙা গাঁৱৰ গাঁও প্ৰধান ।
সভানেত্ৰী ববিতা তালুকদাৰে কয় যে এই কেন্দ্ৰৰ জৰিয়তে আমাৰ অঞ্চলৰ ল'ৰা-ছোৱালীয়ে এতিয়া আৰু চহৰলৈ যাব নালাগে। ঘৰৰ ওচৰতে আন্তঃৰাষ্ট্ৰীয় মানৰ সা-সুবিধা পাব।
জিমৰ বৈশিষ্ট্য অনুসৰি জেডজি ফিটনেচ জিমত অত্যাধুনিক Treadmill, Cycle, Weight Training Machine, আৰু Certified Trainer’ৰ সুবিধা আছে। লগতে পুৰুষ-মহিলাৰ বাবে পৃথক সময়ৰ ব্যৱস্থা কৰা হৈছে।
উদ্বোধনী উপলক্ষে প্ৰথম মাহৰ বাবে এডমিচনৰ ৫০% ৰেহাই দিয়াৰ কথাও ঘোষণা কৰে জিমটোৰ কৰ্তৃপক্ষই । ইচ্ছুক ব্যক্তি সকলে চেঙা বজাৰত থকা ZG Fitness Gymৰ সৈতে উল্লেখিত নম্বৰত +91 60006 72891, 9101272905ত যোগাযোগ কৰিব পাৰিব ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু