
বৰপেটা, ৩০ মে’ (হি.স.): ব্ৰহ্মপুত্ৰৰ জলস্তৰ বাঢ়িবলৈ লোৱাৰ লগে লগে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চেঙাৰ পূৱ মাজৰচৰ গাঁও খনত । এসপ্তাহত গাঁওখনৰ বিশটা পৰিয়াল গৃহহীন হৈছে গৰাখহনীয়াত। জাহ গৈছে বৃহৎ কৃষিভূমি। খহনীয়াই কালৰূপ ধাৰণ কৰাত গাঁওখনৰ কেইবাটাও পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।
ব্ৰহ্মপুত্ৰৰ এনে ভয়ংকৰ খহনীয়াত আতংকিত হৈ পৰিছে গাঁওবাসী। উল্লেখ্য যে, বিগত দিনৰ খহনীয়াত গাঁওখনৰ প্ৰায় পাঁচশ পৰিয়াল গৃহহীন হৈ বিভিন্ন ঠাইলৈ স্থানান্তৰিত হৈছে । গৰাখহনীয়াই এনেদৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই জলসম্পদ বিভাগৰ লগতে জনপ্ৰতিনিধিয়ে । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ আঁচনি ৰূপায়ণ কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ