
গুৱাহাটী, ৩০ মে (হি.স.)। ডিমৰীয়াৰ কলংপাৰৰ পৰা নিৰুদ্দিষ্ট নৱম শ্ৰেণীৰ ছাত্ৰ। ১৫ বছৰীয়া ছাত্ৰজনৰ নাম সুমন দাস। বিগত ২৮ মে'ৰ পুৱা আঠবজাত টিউচনলৈ যোৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ছাত্ৰগৰাকী। ৩ নং ঔজাৰিৰ ছাত্ৰজনে কলংপাৰৰ পেহীয়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল।
বহু বিচাৰ খোচাৰ কৰিও ছাত্ৰজনৰ সন্ধান লাভ নকৰাত এতিয়া ক্ষেত্ৰী আৰক্ষীৰ কাষ চাপিছে পিতৃ মনোৰঞ্জন দাস। নিৰুদ্দিষ্ট ছাত্ৰগৰাকী কলংপাৰস্থিত মিলনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ৷
কোনো লোকে ছাত্ৰ জনৰ সম্ভেদ পালে পিতৃ মনোৰঞ্জন দাসৰ অথবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar