
ডিব্ৰুগড়, ৩০ মে’ (হি.স.): জয় ভাৰত পাৰ্টীৰ ২০২৬ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী সঞ্জয় বাগৰ নাহৰকটীয়াত থকা বাসগৃহত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । যোৱা কালি শুকুৰবাৰে নিশা প্ৰায় ২.২০ মান বজাত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে জয় ভাৰত পাৰ্টী নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় বাগৰ ব্যক্তিগত বাহন খন। বাহন খনৰ নম্বৰ এএছ ০৬ এম ৮১৫৩ বুলি জানিব পৰা গৈছে।
পৰবৰ্তী সময়ত অগ্নিসংযোগ হোৱা বাহনখনৰ পৰা বিকট গোন্ধ নিৰ্গত হৈ অঞ্চলটো বিয়পি পৰে । সৌভাগ্য ক্ৰমে বাহনৰ মালিক আৰু পত্নীয়ে স্থানীয় আত্মীয়ৰ সহযোগত বাহনখন সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰে । ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰি দুষ্কৃতিকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় জয় ভাৰত পাৰ্টীৰ প্ৰাৰ্থী সঞ্জয় বাগে । ইফালে এনেধৰণৰ হিংসাত্মক ঘটনাৰ সংঘটিত হ'লে কিদৰে জীয়াই থাকিম বুলি দুখ প্ৰকাশ কৰে সঞ্জয় বাগৰ পত্নী সঞ্জনা বাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ