
হোজাই, ৩০ মে’ (হি.স.)। লংকাৰ ৰামনগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । অঞ্চলটোত থকা দূৰ্গা মন্দিৰৰ সমীপত গো মুণ্ড পেলাই থৈ যোৱাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বজৰং দলৰ লগতে স্থানীয় লোকে পথৰ ওপৰত গছ পেলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে আৰক্ষী প্ৰশাসন উপস্থিত হৈ পথ অৱৰোধ মুকলি কৰে যদিও প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীয়ে । গো মুণ্ড পেলোৱা লোকক শীঘ্ৰে কাৰায়ত্ত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে । ইতিমধ্যে শীৰ্য় আৰক্ষী বিষয়াই বৃহৎ সংখ্য়ক আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ।
উল্লেখ্য যে, যোৱা কালি ওচৰৰ এজাৰবাৰী অঞ্চলতো গো মুণ্ড উদ্ধাৰ কৰা হৈছিল । ইয়াকে লৈ অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু