ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা
ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা।
ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা


দৰং, ৩০ মে’ (হি.স.):ৰাজ্যত সংঘটিত হৈছে পুনৰ লাভ জেহাদৰ ঘটনা । সম নাগৰিক আইন চমুকৈ ইউচিচিক লৈ চৰ্চা চলি থকাৰ সময়তেই মঙলদৈত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা ।

জানিব পৰামতে, চামচুদ্দিন নামৰ লোকজনে পলুৱাই লৈ আহিল দুজনীকৈ মহিলা । ঘটনা অনুসৰি মঙ্গলদৈ থানাৰ অন্তৰ্গত বাঘপৰিৰ চামচুদ্দিন আহমেদ নামৰ যুৱক এজনৰ প্ৰেমত পৰিছিল নগাঁও জাজৰিৰ দিব্যা পাটৰ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী মহিলা । তাৰ পিছত চামচুদ্দিনে দিব্যাৰ লগতে হিমাদ্ৰী দাস নামৰ এগৰাকী মহিলাকো লাভ জেহাদৰ বলি কৰি পলাই আহোঁতেই মঙ্গলদৈ আৰক্ষীয়ে হাতে লোটে আটক কৰে । সম্প্ৰতি চামচুদ্দিনকে ধৰি মহিলা দুজনীক মঙ্গলদৈ থানাত সোধপোচ অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে দিব্যা পাটৰৰ মাতৃয়ে নগাঁৱত এজাহাৰ দাখিল কৰিছিল আৰু আজি মাতৃ গৰাকী মঙ্গলদৈ থানাত উপস্থিত হৈছে । মঙ্গলদৈ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande