
বেংগালুৰু, ৩০ মে’ (হি.স.)। কৰ্ণাটকৰ ৰাজনীতিত এক উল্লেখযোগ্য পৰিঘটনা অনুসৰি কংগ্ৰেছ বিধায়নী দলে ডি.কে. শিৱকুমাৰক দল নেতা হিচাপে চয়ন কৰে। কংগ্ৰেছ বিধায়নী দলৰ বৈঠকত তেওঁৰ নামক লৈ একমত হোৱাৰ পিছত আনুষ্ঠানিকভাৱে তেওঁক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হয়।
বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে ডি.কে. শিৱকুমাৰ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে। এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কংগ্ৰেছৰ বিধায়নী অধিৱেশনৰ সময়ত কৰা হয়। দলৰ নেতৃত্ব আৰু বিধায়কসকলে তেওঁৰ নিৰ্বাচনক আদৰণি জনাই তেওঁৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে জনকল্যাণ আৰু উন্নয়নৰ বিষয়সমূহক অগ্ৰাধিকাৰ দিব বুলি বিশ্বাস প্ৰকাশ কৰে।
বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা-বিধায়কসকলে দল সংগঠন শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ উন্নয়নৰ বাবে একেলগে কাম কৰাৰ সংকল্প প্ৰকাশ কৰে।
ডি.কে. শিৱকুমাৰ দীৰ্ঘদিন ধৰি কৰ্ণাটক কংগ্ৰেছৰ এজন বিশিষ্ট নেতা হিচাপে পৰিগণিত হোৱাৰ লগতে সাংগঠনিক পৰ্যায়ত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আগবাঢ়িব।
কংগ্ৰেছ নেতাসকলে আশা প্ৰকাশ কৰে যে নতুন নেতৃত্বৰ অধীনত ৰাজ্য চৰকাৰে উন্নয়ন, প্ৰশাসনিক সংস্কাৰ, আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ