হাজোৰ নয়নপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক
কামৰূপ, ৩০ মে’ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ নয়নপুৰত আজি পুৱাই সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন বৰপেটাৰ ৪ নং ৱাৰ্ডৰ মন্মথ দাস বুলি জা
হাজোৰ নয়নপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক


কামৰূপ, ৩০ মে’ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ নয়নপুৰত আজি পুৱাই সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক।

নিহত লোকজন বৰপেটাৰ ৪ নং ৱাৰ্ডৰ মন্মথ দাস বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে বাইক আৰোহী গৰাকীয়ে পৰিধান কৰা নাছিল হেলমেট। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খনৰ নং এএছ ০১ বিএছ ২০২৫ বুলি জানিব পৰা গৈছে। আনহাতে যাত্ৰীবাহী দয়াৰ মদিনা নামৰ বাছ খনৰ নম্বৰ এএছ ১৫ এচি ০৯৫১ বুলি কোৱা হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande