গোৱালপাৰাত অঘটন: মৰনৈত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ কৰুণ মৃত্যু
গোৱালপাৰা, ৩০ মে (হি.স.)। গোৱালপাৰাত কৰুণ অঘটন: মৰনৈত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ কৰুণ মৃত্যু। খাদ্যৰ সন্ধানত আহি কাল হ’ল বিদ্যুতৰ তাঁৰ; গোৱালপাৰাত মাকৰ সৈতে মৃত্যু গৰ্ভস্থ সন্তানৰো। গোৱালপাৰা জিলাৰ মৰনৈত সংঘটিত হৈছে এক অত্যন্ত কৰুণ তথা শ
গোৱালপাৰাত কৰুণ অঘটন: মৰনৈত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ কৰুণ মৃত্যু


গোৱালপাৰাত কৰুণ অঘটন: মৰনৈত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ কৰুণ মৃত্যু


গোৱালপাৰা, ৩০ মে (হি.স.)। গোৱালপাৰাত কৰুণ অঘটন: মৰনৈত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ কৰুণ মৃত্যু। খাদ্যৰ সন্ধানত আহি কাল হ’ল বিদ্যুতৰ তাঁৰ; গোৱালপাৰাত মাকৰ সৈতে মৃত্যু গৰ্ভস্থ সন্তানৰো।

গোৱালপাৰা জিলাৰ মৰনৈত সংঘটিত হৈছে এক অত্যন্ত কৰুণ তথা শোকাবহ অঘটন। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা প্ৰাপ্তবয়স্ক বন্যহস্তীয়ে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। তাতকৈও ডাঙৰ আৰু বেদনাদায়ক কথাটো হ’ল, মৃত মাইকী হাতীজনী গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল দুটাকৈ বৃহৎ বন্যহস্তীৰ জাক। ইয়াৰে এটা জাকৰ সৈতে অহা এই মাইকী হাতীজনীয়ে মৰনৈৰ ধীৰাজ মাল্লাহ নামৰ এজন ব্যক্তিৰ ঘৰৰ সমীপত হঠাতে বিদ্যুতৰ জীৱন্ত তাঁৰত স্পৰ্শ কৰে। ফলত থিতাতে বিদ্যুৎস্পৃষ্ট হৈ হাতীজনী কৰুণভাৱে মৃত্যুমুখত পৰে।

স্থানীয় ৰাইজৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, মৃত হাতীজনীৰ গৰ্ভত সন্তান আছিল। খাদ্যৰ সন্ধানত জাকৰ সৈতে আহি এইদৰে মাকৰ লগতে গৰ্ভস্থ সন্তানটোৰো অকাল আৰু কৰুণ মৃত্যু ঘটাত সমগ্ৰ মৰনৈ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰিছে আৰু ঘটনাস্থলীত বন কৰ্মী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande