
দৰং, ৩০ মে’ (হি.স.): দৰং জিলাৰ ছিপাঝাৰৰ বৰদৌলগুৰিৰ গণেশ হোটেলত যোৱা কালি শুকুৰবাৰে নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জুইত জাহ যায় হোটেলৰ ভিতৰৰ সকলো সা-সামগ্ৰী । নিশা হোটেলখনৰ ভিতৰত কোনো নথকা অৱস্থাত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে যথেষ্ট ক্ষতিসাধন হয় হোটেলখনৰ । আনহাতে এই ভয়ানক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে ওপৰ মহলাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাটো ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ