অসম বিধান সভা সচিবালয়ত সংঘটিত বিত্তীয় অনিয়মৰ তদন্তৰ বাবে কমিটি গঠন কৰা হব
গুৱাহাটী, ৩০ মে (হি.স.)। অসম বিধান সভা সচিবালয়ত সংঘটিত বিত্তীয় অনিয়মৰ তদন্তৰ বাবে কমিটি গঠন কৰা হব - আজি বৰপেটাত এই কথা সদৰি কৰে বিধান সভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাসে | বিগত সময়ছোৱাত বিধানসভা সচিবালয়ত বিভিন্ন বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
অসম বিধান সভা সচিবালয়ত সংঘটিত বিত্তীয় অনিয়মৰ তদন্তৰ বাবে কমিটি গঠন কৰা হব


গুৱাহাটী, ৩০ মে (হি.স.)। অসম বিধান সভা সচিবালয়ত সংঘটিত বিত্তীয় অনিয়মৰ তদন্তৰ বাবে কমিটি গঠন কৰা হব - আজি বৰপেটাত এই কথা সদৰি কৰে বিধান সভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাসে |

বিগত সময়ছোৱাত বিধানসভা সচিবালয়ত বিভিন্ন বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰ পিচত এই অনিয়মৰ তদন্তৰ বাবে কমিটী গঠনৰ কথা সদৰি কৰে অধ্যক্ষ গৰাকীয়ে |

সাংবাদিকৰ আগত অধ্যক্ষই কলে-

বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি সচিবালয় আৰু একাংশ ঠিকাদাৰৰ পৰা মই অভিযোগ পত্ৰ লাভ কৰিছো |

এই অভিযোগ সমুহ পৰীক্ষা কৰাৰ বাবে মোক এটা টীম লাগিব |

এই টীমক কেন্দ্ৰ কৰি মই সমগ্ৰ বিষয়টো পৰীক্ষা কৰিম | যাতে বিধানসভা সচিবালয় খন ঠিক ঠাক কৰিব পাৰো |

আনহাতে বিধানসভা সচিবালয়ত অযুক্তিকৰ ভাবে বহু নিযুক্তি গৈছে |

অস্থায়ী ভিত্তিতে হওক বা মাষ্টাৰৰোল ভিত্তিতে হওক যিসকলক এই নিযুক্তি দিয়া হৈছে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সচিবক নিৰ্দেশ দিয়া হৈছে |

কোনো লোকৰ এইবিষয়ে কিবা অভিযোগ থাকিলে তেওঁক অভিযোগ দিবলৈকো আহ্বান অধ্যক্ষ গৰাকীৰ |

ইপিনে বিধানসভাৰ সচিবৰ লগতে ১২ গৰাকী বিষয়া কৰ্মচাৰীক অব্যাহতি দিয়াৰ প্ৰসংগত অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ক'লে- যিসকলৰ চাকৰি কাৰ্যকাল বৃদ্ধি কৰা হৈছিল সেই সকলৰ চাকৰিৰ ম্যাদ উকলি যোৱাৰ বাবেহে তেওলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে |

তেওঁলোকৰ আইনৰ অধাৰতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande