
কোকৰাঝাৰ, ৩০ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শুকুৰবাৰে সন্ধিয়া বনৰীয়া হাতীৰ মুক্ত বিচৰণ পৰিলক্ষিত হয় । বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল বনৰীয়া হাতীৰ জাক । বনৰীয়া হাতীৰ জাকটোৱে মহামায়া - টিপকাই সংযোগী ঘাইপথত অৱস্থান কৰাত পথটো অৱৰুদ্ধ হৈ পৰে । কেইবা ঘন্টা ধৰি পথ অৱৰোধ ফলত পথচাৰীৰ লগতে যাতায়তৰ বন্ধ হৈ পৰে । ঘটনাস্থলীত পৰ্বতঝোৰা বন আৰু খোৰাঘাট বন বিভাগ উপস্থিত হৈ পথটো মোকলাবলৈ চেষ্টা চলায় যদিও হাতীৰ জাকটো সম্পূৰ্ণৰূপে খেদি পঠিয়াব পৰা নাই ।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ