কঁঠাল খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
কঁঠাল খাবলৈ আহি বিদ্যুতস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু।
কঁঠাল খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু


গোৱালপাৰা, ৩০ মে’ (হি.স.): কঁঠাল খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ এটি বন্যহস্তীৰ কৰুণ মৃত্যু হয় । মধুৱা মাল্লাৰ বাসগৃহৰ চৌহদত সংঘটিত হয় এই অঘটন । যোৱা নিশা প্ৰায় ১:৩০ বজাত কঁঠাল খাবলৈ অহা এটা বন্যহস্তীৰ বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে মধুৱা মাল্লাৰ ঘৰৰ চৌহদত থকা কঁঠাল গছৰ পৰা খাবলৈ চেষ্টা কৰিছিল । সেই সময়তে এটা হাতীয়ে শুঁড়েৰে বিদ্যুতৰ তাঁৰ টানি চিঙি পেলোৱাৰ ফলতেই এই অঘটনটো সংঘটিত হয় আৰু ঘটনাস্থলীতে হাতীটোৰ মৃত্যু হয় । প্ৰাপ্ত তথ্য অনুসৰি, নিশা দুটা বেলেগ বেলেগ সময়ত প্ৰায় ২৫ ৰ পৰা ৪০ টা হাতীৰ দুটা জাক উক্ত স্থানত প্ৰৱেশ কৰিছিল । নিজৰ পৰিয়াল বা জাকৰ এটা সদস্যৰ এনেদৰে কৰুণ মৃত্যু হোৱাত আন হাতীসমূহো আৱেগিক হৈ পৰে। নিশা প্ৰায় ৪ বজালৈকে মৃত হাতীটোৰ চাৰিওফালে আৱৰি ধৰি জাকটোৱে চিঞৰ-বাখৰ কৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে । আজি পুৱাৰ ভাগত যেতিয়া ঘটনাৰ বিষয়ে জানিব পাৰি লাহে লাহে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হ'বলৈ ধৰে, তেতিয়া মানুহৰ সমাগম দেখি হাতীৰ জাকটোৱে মৃতদেহটো এৰি ওচৰৰ বনাঞ্চল বা নিৰাপদ স্থানৰ দিশে গুচি যায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande