
গোলাঘাট, ৩০ মে’ (হি.স.)। গোলাঘাটৰ ধনশিৰি অপেনষ্টুপ স্কাউট গাইডৰ উদ্যোগত ২৮ মে' ৰ পৰা পাঁচদিনিয়াকৈ এক শিবিৰ আৰম্ভ হৈছে ৷ গোলাঘাটৰ ৰপজ্যোতি নগৰ এমই স্কুলত অনুষ্ঠিত হৈছে এই শিৱিৰ।
উল্লেখ্য় যে অপেনষ্টুপ স্কাউট গাইডৰ এই শিৱিৰত অসমৰ বিভিন্ন জিলাৰ উপৰিও উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ ছাত্ৰ ছাত্ৰীকে ধৰি মুঠ চাৰিশ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷
ধনশিৰি অপেনষ্টুপ স্কাউট গাইড (Dhansiri Open Scout and Guide) হৈছে ভাৰত স্কাউট আৰু গাইড (Bharat Scouts and Guides - BSG) ৰ অধীনস্থ অসমৰ গোলাঘাট জিলাৰ এক অন্যতম স্কাউট গোট। সাধাৰণতে ইয়াৰ জৰিয়তে ১০ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিক্ষাৰ্থীসকলক চৰিত্ৰ গঠন, সমাজসেৱা, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই গোট বা সংস্থাই বিভিন্ন সময়ত বিশেষ প্ৰশিক্ষণ শিবিৰ আৰু চাৰ্ভাইভাৱ শিবিৰ আয়োজন কৰে। ইয়াৰ জৰিয়তে ৰাজ্যৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰাৰ সুবিধা পায়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু