
বৰপেটা, ৩০ মে’ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াত নাৰীদেহ ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহিল শ শ ক্ষুব্ধ ৰাইজ । আদিতপুৰ গাঁৱত ৰাইজে নিজেই অভিযান চলাই উৎখাত কৰিলে এটা কুখ্যাত নাৰীদেহ আৰু ড্ৰাগছৰ ব্যৱসায়ৰ ঘাটি । দীৰ্ঘদিন ধৰি অঞ্চলটোত সমাজবিৰোধী কাৰ্যকলাপ চলাই অহা আতোৱাৰ ৰহমান নামৰ এজনৰ ঘৰত চলিল ৰাইজৰ অভিযান । ঘটনাস্থলীৰ পৰা এহাল যুৱক-যুৱতীকো আটক কৰিছে স্থানীয় ৰাইজে । ইফালে ৰাজপথত উত্তেজিত ৰাইজে লণ্ডভণ্ড এখন চাৰিচকীয়া বাহন। এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় কলগাছিয়াৰ আদিতপুৰ গাঁৱত ।
অভিযোগ অনুসৰি, গাঁওখনৰ আতোৱাৰ ৰহমান নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজ গৃহতে চলাই আহিছিল নাৰীদেহ আৰু ড্ৰাগছৰ এক অবৈধ ব্যৱসায় । আতোৱাৰৰ এনে সমাজবিৰোধী কাৰ্যকলাপত অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ। অৱশেষত যোৱা কালি বিয়লি কৰিয়েই একগোট হয় অঞ্চলটোৰ শ শ সচেতন নাগৰিকে একেলগে আতোৱাৰ ৰহমানৰ ঘৰত চলাই উৎখাত কৰে এই অনৈতিক ঘাটিটো। অভিযানৰ সময়ত আতোৱাৰৰ ঘৰৰ পৰা ওলাই অহা এহাল যুৱক-যুৱতীকো ৰাইজে আটক কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত পৰিৱেশ ইমানেই উত্তপ্ত হৈ পৰে যে উত্তেজিত একাংশ ৰাইজে যুৱক-যুৱতীহালে ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহন ভাঙি সম্পূৰ্ণৰূপে লণ্ড ভণ্ড কৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এনে অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাইছিল এই আতোৱাৰ ৰহমানে। কিন্তু জেলৰ পৰা ওলাই আহিয়েই তেওঁ পুনৰ আৰম্ভ কৰে একেই অবৈধ কাৰবাৰ । পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত কলগাছিয়া আৰক্ষী আৰু বালিকুৰী আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয়। আৰক্ষীয়ে মূল অভিযুক্ত আতোৱাৰ ৰহমানৰ লগতে ৰাইজৰ হাতত আৱদ্ধ হৈ থকা যুৱক-যুৱতীহালক নিজৰ জিম্মাত লয়। ইয়াৰ উপৰিও ৰাইজে ভাঙি পেলোৱা বাহনখনো জব্দ কৰি আৰক্ষীয়ে থানালৈ লৈ যায়। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ