
কাৰ্বি আংলং, ৩০ মে’ (হি.স.)। বিধানসভা অধিৱেশনত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওসহ তিনি পাৰ্বত্য জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ দাবী উত্থাপন সন্দৰ্ভত ডিফুত চিইএম তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে । তেওঁ কয় যে এয়া অসম্ভৱ নহয় আৰু ৰাজ্যৰ ভিতৰত থাকি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবী পূৰণ কৰাৰ বাবে তিনি পাৰ্বত্য জিলাই ৪০ বছৰ ধৰি দাবী কৰি আহিছে । তেওঁ কয় যে সংবিধানিক অধিকাৰ তথা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ সন্দৰ্ভত বিধানসভাত দাবী উত্থাপন কৰিছো ।
স্বায়ত্তশাসিত ৰাজ্য গঠনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হাতত ক্ষমতা নাই। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে এয়া সম্ভৱ নহয় বুলিও মন্তব্য কৰে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তুলিৰাম ৰংহাঙে। তেওঁ কয় যে বিধানসভাত এই বিষয় সন্দৰ্ভত প্ৰস্তাৱ আনিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছো ।
আনফালে, বিধানসভাত সমৰূপ নাগৰিক সংহিতা বিধেয়ক (ইউচিচি) গৃহীত হৈছে যদিও ষষ্ঠ অনুসূচী তথা পাৰ্বত্য জিলাক এই বিধেয়ক পৰা ৰেহাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়ে চিইএম ৰংহাঙে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু