অসমৰ ৰাজ্যপালৰ নেতৃত্ব ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ লৈ মংগোলিয়ালৈ যাব ভাৰতীয় প্ৰতিনিধি দল
গুৱাহাটী, ৩০ মে’ (হি.স.)। মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ প্ৰদৰ্শনীৰ বাবে ভগৱান বুদ্ধৰ দুই বিশিষ্ট শিষ্য অৰহন্ত শৰিপুত্ৰ আৰু অৰহন্ত মৌদগলায়নৰ পবিত্ৰ ধ্বংসাৱশেষ কঢ়িয়াই অনা ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ
राज्यपाल लक्ष्मण प्रसाद आचार्य शुक्रवार को असम विधानसभा में अभिभाषण प्रस्तुत करते हुए।


গুৱাহাটী, ৩০ মে’ (হি.স.)। মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ প্ৰদৰ্শনীৰ বাবে ভগৱান বুদ্ধৰ দুই বিশিষ্ট শিষ্য অৰহন্ত শৰিপুত্ৰ আৰু অৰহন্ত মৌদগলায়নৰ পবিত্ৰ ধ্বংসাৱশেষ কঢ়িয়াই অনা ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

মধ্যপ্ৰদেশৰ সাঁচি বিহাৰ চৈত্যত সংৰক্ষিত এই পবিত্ৰ ধ্বংসাৱশেষসমূহ ৯ জুনলৈকে মংগোলিয়াত থাকিব। এই আধ্যাত্মিক আৰু সাংস্কৃতিক যাত্ৰাৰ লক্ষ্য হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজত শতিকা পুৰণি সভ্যতা আৰু বৌদ্ধ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা।

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাঁচি স্তুপৰ সৈতে জড়িত এই পবিত্ৰ ধ্বংসাৱশেষসমূহ বিশ্বজুৰি বৌদ্ধ অনুগামীসকলৰ বাবে অতি শ্ৰদ্ধাৰ বিষয়। ভাৰত আৰু মংগোলিয়াৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ পদক্ষেপত এই ভ্ৰমণ। মংগোলিয়াক বৌদ্ধ জগতত ভাৰতৰ আধ্যাত্মিক প্ৰতিবেশী হিচাপে গণ্য কৰা হয়।

শনিবাৰে ৰাজ্যপাল আচাৰ্যই পবিত্ৰ ধ্বংসাৱশেষ কঢ়িয়াই প্ৰতিনিধি দল লৈ পূৰ্ণ ৰাজ্যিক সন্মানেৰে যাত্ৰা কৰিব। মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীৰ সময়ত বৃহৎ সংখ্যক ভক্ত, সন্ন্যাসী, পণ্ডিত, আধ্যাত্মিক অনুগামীয়ে পবিত্ৰ ধ্বংসাৱশেষক শ্ৰদ্ধাঞ্জলি জনাব।

এই অনুষ্ঠানটোক ভাৰত আৰু মংগোলিয়াৰ ভাগ বৌদ্ধ ঐতিহ্য আৰু গভীৰ বন্ধুত্বৰ প্ৰতীক হিচাপে দেখা গৈছে। অহা ৩ জুনত ৰাজ্যপাল আচাৰ্য ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande