
নতুন দিল্লী, ৩০ মে’ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠক সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰে । পিএমঅ’ই প্ৰকাশ কৰা পোষ্টটোত উল্লেখ কৰা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সাক্ষাৎ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই এক্সত পোষ্ট কৰি কয়, আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পাই গৌৰৱ অনুভৱ কৰিছো। অসমত এন ডি এ ৩.০ চৰকাৰৰ অধীনত আমাৰ অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ, তেওঁৰ অবিৰত সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ আৰু আগন্তুক বছৰবোৰত তেওঁৰ অবিৰত আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন বিচাৰিলোঁ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া