
গোলাঘাট, ৩০ মে’ (হি.স.): বোকাখাত সমজিলাৰ নুমলিগড়ত আছে এখন আজৱ অংগনবাড়ী কেন্দ্ৰ । অংগনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ ৰূপে সচেতন লোকৰ চকু কপালত তুলিছে । গোহালিত পৰিণত হৈছে এই অংগনবাড়ী কেন্দ্ৰটো। এই কেন্দ্ৰটোত ছাত্ৰ ছাত্ৰীৰ সলনি থাকে কুকুৰা, ছাগলী ।
কন-কন ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আদিপাঠ শিকা এই জৰাজীৰ্ণ কেন্দ্ৰটোলৈ ভুমুকি মাৰিবলৈও নাহে কৰ্মী গৰাকী এইদৰে অভিযোগ দিলে স্থানীয় ৰাইজ, দল সংগঠনৰ বিষয়ববীয়াই। সহায়িকা গৰাকীয়েই কাম চলাই নিছে কেন্দ্ৰটোৰ। নুমলিগড় ৩১১ নং অংগনবাড়ী কেন্দ্ৰটোত এখন ভঙা টিঙৰ চালিৰ তলতে শিশুসকলে শিকে জীৱনৰ আদিপাঠ। অংগনবাড়ী কেন্দ্ৰটোত নাই কোনো পঢ়া কোঠা,নাই কোনো চকী-মেজ। মাত্ৰ গোহালি সদৃশ এখন টিঙৰ চালিৰ তলত চলি থকা এইখন অংগনবাড়ী কেন্দ্ৰ অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনালে স্থানীয় ৰাইজৰ লগতে আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ