গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বালাডোবা এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ নাভূত নাশ্ৰুত কাণ্ড
গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বালাডোবা এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ নাভূত নাশ্ৰুত কাণ্ড।
গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বালাডোবা এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ নাভূত নাশ্ৰুত কাণ্ড


ধুবুৰী, ৩০ মে’ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বালাডোবা এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ নাভূত নাশ্ৰুত কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দু বছৰৰ পৰা বিদ্যালয়ত অনিয়মীয়া উপস্থিতি় প্ৰধান শিক্ষক আমজাদ আলীৰ । ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিনৰ পৰা বঞ্ছিত কৰি আহিছে মধ্যাহ্ন ভোজন আহাৰ । ফলত তিনি তিনি কুইন্টল চাউল নষ্ট হৈ যায়।

আনহাতে প্ৰধান শিক্ষক জনে চলিত বৰ্ষৰ ইউনিফৰ্ম বিতৰণ নকৰাত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল জাঙুৰ খাই উঠে । লগতে বিদ্য়ালয়খনৰ আন্তঃগাঁথনি ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে । মন কৰিবলগীয়া যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ডেস্ক, বেঞ্চ নথকাত নানান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল । বালাডোবা এম ভি স্কুলৰ প্ৰধান শিক্ষক আমজাদ আলীৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহীত ব্যৱস্থাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande