
কোকৰাঝাৰ, ৩০ মে’ (হি.স.): কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ দ্বীপেন গোটৰ কেন্দ্ৰীয় সমিতিৰ বহিস্কৃত উপদেষ্টা বিষ্ণুজ্যোতি ৰায়ৰ উদ্যোগত যোৱা ২৭ মে’ত গুৱাহাটীত অনুষ্ঠিত সভাক অবৈধ আখ্যায়িত কৰিছে আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়ে ৷ যোৱা কালি শুকুৰবাৰে বিয়লি গোসাইগাঁৱত সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত সভাপতি গৰাকীয়ে কয় যে আক্ৰাছুক পুনৰ বিভাজিতকৰণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত উপদেষ্টা বিষ্ণুজ্যোতি ৰায়ক সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে ৷ ইয়াৰ পাচতো বিষ্ণুজ্যোতি ৰায়ে আক্ৰাছুৰ নামত গুৱাহাটীত সভা অনুষ্ঠিত কৰি বিভাজনৰ ষড়যন্ত্ৰ কৰাটো সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা ৷
সভাপতিগৰাকীয়ে আৰু উল্লেখ কৰে যে বিষ্ণুজ্যোতি ৰায় পূৰ্বতে বলৰাম গোটত উপদেষ্টা পদত আছিল ৷ তাতেও তেওঁ সংগঠন বিৰোধী কাৰ্য্যকলাপত জৰিত হোৱাৰ অভিযোগত বহিস্কাৰ কৰা হৈছিল ৷ পৰবৰ্তী সময়ত তেও জাতিৰ স্বাৰ্থত কাম কৰাৰ ইচ্চা প্ৰকাশ কৰি বহু কাকুতি মিনতি কৰাৰ বাবে তেৱক উপদেষ্টা পদত অধিষ্ঠিত কৰা হৈছিল । কিন্তু প্ৰকৃতাৰ্থত তেওঁৰ চৰিত্ৰ সলনি হোৱা নাছিল আৰু বিভিন্ন লবি কেন্দ্ৰীক ষড়যন্ত্ৰ ৰচনা কৰি সংগঠনক পুনৰ বিভাজন কৰাৰ চেষ্টা চলায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ