জামুগুৰিহাটত উদ্ধাৰ কৰা হৈছে এটা লতামাকৰী বাঘৰ পোৱালী
শোণিতপুৰ, ০৩ মে (হি.স.)। জামুগুৰিহাটত উদ্ধাৰ কৰা হৈছে এটা লিঅ''পাৰ্ড কেট অৰ্থৎ লতামাকৰী বাঘৰ পোৱালী। চকীঘাটৰ টাইলছ ফেক্টৰীত ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীয়ে উদ্ধাৰ কৰে লিঅ''পাৰ্ড কেটৰ পোৱালীটো। ইতিমধ্যেই উদ্ধাৰ হোৱা লিঅ''পাৰ্ড কেটৰ
জামুগুৰিহাটত উদ্ধাৰ কৰা হৈছে এটা লিঅ'পাৰ্ড কেট


শোণিতপুৰ, ০৩ মে (হি.স.)। জামুগুৰিহাটত উদ্ধাৰ কৰা হৈছে এটা লিঅ'পাৰ্ড কেট অৰ্থৎ লতামাকৰী বাঘৰ পোৱালী।

চকীঘাটৰ টাইলছ ফেক্টৰীত ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীয়ে উদ্ধাৰ কৰে লিঅ'পাৰ্ড কেটৰ পোৱালীটো।

ইতিমধ্যেই উদ্ধাৰ হোৱা লিঅ'পাৰ্ড কেটৰ পোৱালিটো বনবিভাগৰ কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে।

গুজৰাটৰ পৰা জামুগুৰিহাটৰ চকীঘাটৰ টাইলছ ফেক্টৰীলৈ অহা ট্ৰাকত লিঅ'পাৰ্ড কেটটো অহাৰ সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande