গৌৰীপুৰ ষ্ট্ৰং ৰূমত চাঞ্চল্য
গৌৰীপুৰ ষ্ট্ৰং ৰুমত চাঞ্চল্য।
গৌৰীপুৰ ষ্ট্ৰং ৰূমত চাঞ্চল্য


ধুবুৰী, ০৩ মে’ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ ষ্ট্ৰং ৰুমত যোৱা কালি শনিবাৰে নিশা চাঞ্চল্যৰ সৃষ্টি হয়। ষ্ট্ৰং ৰুম চৌহদত এজন অচিনাকি যুৱকক আৱদ্ধ কৰিলে কাউণ্টিং এজেন্টে । আই কাৰ্ড অবিহনে ষ্ট্ৰং ৰুম চৌহদত প্ৰৱেশ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইপিনে নিজকে চি চি টি ভি(CCTV)ৰ অপেৰাটৰ বুলি দাবী কৰিছে যুৱকজনে।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো আই কাৰ্ড অবিহনে দুখনকৈ গেট পাৰ হৈ যোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ কাউণ্টিং এজেন্টে।আৰক্ষী প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মী সকলে। কিন্তু ঘটনা সংঘটিত হোৱাৰ ২(দুই) ঘন্টা পাৰ হোৱাৰ পিছতো নিজৰ আই কাৰ্ড দেখুৱাব নোৱাৰাত উত্তেজিত হৈ পৰে কংগ্ৰেছ এজেন্ট সমূহে। যুৱকজন ধুবুৰীৰ সোমনাথ চক্ৰবৰ্তী বুলি জানিব পৰা গৈছে।

চিচি টিভি ৰ অপেৰেটৰৰ দায়িত্বত আছিল বুলিও এটি সুত্ৰে জানিব পৰা গৈছে। যুৱকজন ভিতৰত প্ৰৱেশ কৰাৰ পিছতে চিচি টিভি কেমেৰা বন্ধ হৈ পৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। প্ৰায় তিনি ঘন্টা পিছতহে আই কাৰ্ড ঘৰৰ পৰা আনি দেখুওৱাইছে বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande