
গোলাঘাট, ০৩মে (হি.স.)। মেৰাপানী আৰক্ষী আৰু নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হৈছে দিৰাঙৰ পৰা চুৰি হোৱা এখন ডাম্পাৰ। জিপিএছ তথ্যৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে লাভ কৰে এই সফলতা। মেৰাপানী আৰক্ষী আৰু নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীৰ যৌথ সহযোগত উদ্ধাৰ কৰা হয় চুৰি হোৱা ডাম্পাৰ খন।
বাডিৰায় কনষ্ট্ৰাকচনত নিয়োজিত এএছ ২৩ডিচি ৩৪০৪ নম্বৰৰ ডাম্পাৰ খন দিৰাঙৰ পৰা চুৰি হৈছিল। জিপিএছ ৰ তথ্য অনুসৰি আৰক্ষীয়ে গাড়ীখনৰ অৱস্থান অনুসৰণ কৰি নাগালেণ্ডৰ ৱখা জিলাৰ বাকটি অঞ্চলত উপস্থিত হয়। তাতেই অভিযান চলাই ডাম্পাৰ খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলে। উক্ত ঘটনাৰ সৈতে জড়িতৰ অভিযোগত নগাঁও জিলাৰ ডবকাৰ জীয়াৰুল ৰহমান নামৰ এজন লোকক তথা গাড়ী খনৰ চালকক মেৰাপানী আৰক্ষীয়ে আটক কৰে। ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে মেৰাপানী আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু