
বৰপেটা, ০৩ মে’ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ দেউকুৰাত যোৱা কালি শনিবাৰে বিয়লি এম্বুলেঞ্চৰ খুন্দাত নিহত হয় এগৰাকী বৃদ্ধা। নিহত লোকনৰ নাম জালাল উদ্দিন বুলি জানিব পৰা গৈছে। প্ৰায় ৭৫ বছৰীয়া নিহত জালাল উদ্দিন দেউকুৰাৰ বাসিন্দা আছিল ।
জানিব পৰামতে, ৰাস্তা পাৰ হওঁতেই বৃদ্ধা গৰাকীক খুন্দা মাৰে এম্বুলেঞ্চে । বৰপেটা ৰোডৰ পৰা কলগাছিয়া অভিমূখী এম্বুলেন্সে এম্বুলেন্স খনে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত জালাল উদ্দিনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত জালাল উদ্দিনৰ মৃতদেহটো কলগাছিয়া আৰক্ষী থানাত ৰাখি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰাৰ ব্য়ৱস্থা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ