
মানকাচৰ, ০৩ মে’ (হি.স.): মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীৰ পৰা হাটশিঙিমাৰীলৈ যোৱা পথৰ গোমাইঝোৰা স্থলিত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ উক্ত দূৰ্ঘটনাত গোমাইঝোৰা গাঁৱৰ আব্দুল হাই মোল্লা (৭০) নামৰ বৃদ্ধা মানুহজন থিতাতে নিহত হয় ৷
জানিব পৰা মতে যোৱা কালি শনিবাৰে আবেলি আব্দুল হাই মোলাই নিজ ঘৰৰ সন্মুখত পথৰ কাষত থিয় হৈ থকা অৱস্থাত ৰাজাবালাৰ পৰা আহি থকা এএছ ১৭ বি ৪৮৯১ নম্বৰৰ তীব্ৰবেগী ১২ চকীয়া ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নামি গৈ থিয় হৈ থকা আব্দুল হাই মোল্লা নামৰ মানুহজনক ভয়ংকৰ ভাবে খুন্দা মাৰি মহতিয়াই নিয়ে। খুণ্ডাত বৃদ্ধা জন গাড়ীখনৰ সন্মুখৰ সোঁফালৰ চকাৰ তলত পৰে আৰু লগে লগে নিহত হয় ৷ ফুলবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে উক্ত দূৰ্ঘটনাৰ খৱৰ পাই লগেলগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটোৰ লগতে ট্ৰাক খনৰ চালকজনক তথাতৈয়াকৈ ফুলবাৰী আৰক্ষী থানালৈ লৈ যায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ