তামুলপুৰৰ কটাহবাৰী আয়োজন কৰা ৰঙালী বিহু সফল সামৰণি
তামুলপুৰৰ কটাহবাৰী আয়োজন কৰা ৰঙালী বিহু সফল সামৰ।
তামুলপুৰৰ কটাহবাৰী আয়োজন কৰা ৰঙালী বিহু সফল সামৰণি


তামুলপুৰ, ০৩ মে’ (হি.স.): ৰঙালীৰ বতৰত ঢোল- পেপাৰ মাতেৰে মুখৰিত তামুলপুৰৰ কটাহবাৰী । সুদীৰ্ঘ ২১ টা বছৰ গৰকা বিষ্ণুজ্যোতি বিহুৱা দলৰ সৌজন্যত শুক্ৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহু সফল সামৰণি পৰে ।

প্ৰথমদিনা পুৱা বিহুৰ পতাকা উত্তোলন কৰাৰ পিছতে আৰম্ভ হয় কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী । শুক্ৰবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত শনিবাৰে সন্ধিয়া মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠিত হয় । তামুলপুৰ জিলাৰ পদ্ম আনন্দ হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক চক্ৰেশ্বৰ ডেকাই উদ্বোধন কৰা মুকলি বিহু প্ৰদৰ্শনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে ।

প্ৰথমদিনা বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত কৰা শেষৰ দিনা আনুষ্ঠানিক ভাৱে বঁটা বিতৰণ কৰে।নিশা সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande