বাক্সাত বিধানসভা সমষ্টিৰ ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন
বিধানসভাৰ ভোট গণনাৰ সম্পৰ্কত এই সংবাদমেল।
বাক্সাত বিধানসভা সমষ্টিৰ ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন


বাক্সা, ০৩ মে’ (হি.স.): বাক্সা জিলা আয়ুক্ত কিমনেই চংছানে যোৱা কালি শনিবাৰে বিয়লি জিলা আয়ুক্তৰ সভা কক্ষত অহা ৪ মে'ত অনুষ্ঠিত হ'বলগীয়া ৪১ নং মানাহ বিধানসভা সমষ্টি আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ভোট গণনাৰ প্ৰস্তুতি সন্দৰ্ভত এই সংবাদমেল সম্বধন কৰে।

সংবাদমেলত জিলা আয়ুক্ত কিমনেই চংছানে বাক্সা জিলাৰ ভোট গণনা অহা ৪ মে’ত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কটকটীয়া নিৰাপত্তা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয়, গণনা প্ৰক্ৰিয়া দুটা পৃথক হলত সম্পন্ন কৰা হ’ব। মানাহ বিধানসভা সমষ্টিৰ বাবে এটা হল আৰু বাক্সা বিধানসভা সমষ্টিৰ বাবে এটা হলত গণনা অনুষ্ঠিত হব। প্ৰতিটো গণনা হলত ইভিএম (EVM) গণনাৰ বাবে ১৪ খনকৈ টেবুল থাকিব, অৰ্থাৎ দুয়োটা সমষ্টিৰ বাবে মুঠ ২৮ খন ইভিএম গণনা টেবুল থাকিব। প্ৰতিটো ইভিএম গণনা টেবুলত নিম্নলিখিত বিষয়াসকলক নিয়োজিত কৰা হ’ব।

এজন গণনা পৰ্যবেক্ষক (Counting Supervisor), এজন গণনা সহায়ক (Counting Assistant), এজন মাইক্ৰ’ অবজাৰ্ভাৰ (Micro Observer)। ইয়াৰ উপৰিও, গণনা প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ প্ৰতিখন টেবুলত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল/প্ৰাৰ্থীৰ কৰ্তৃত্বপ্ৰাপ্ত গণনা এজেণ্টসকল উপস্থিত থাকিব। ডাক যোগে প্ৰেৰণ কৰা বেলট (Postal Ballot) গণনাৰ বাবে বাক্সা বিধানসভা সমষ্টিৰ ৪ খন টেবুল আৰু মানাহ বিধানসভা সমষ্টিৰ ২ খন টেবুল থাকিব। আনহাতে সেৱা ভোটাৰসকলে প্ৰদান কৰা ‘ইলেক্ট্ৰনিকলী ট্ৰেন্সমিটেড পষ্টেল বেলট মেনেজমেণ্ট চিষ্টেম’ (ETPBMS) বেলটসমূহ স্কেনিং আৰু প্ৰক্ৰিয়াকৰণৰ বাবে এটা সুকীয়া সমৰ্পিত দল নিয়োজিত কৰা হ’ব।

ইভিএম ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা যাদৃচ্ছিকভাৱে (Randomly) পাঁচটাকৈ ভিভিপেট (VVPAT) বাছনি কৰা হ’ব বুলি উল্লেখ কৰি জিলা আয়ুক্ত চাংছানে পুনৰ কয়,স্বচ্ছতা আৰু নিখুঁততা নিশ্চিত কৰিবলৈ নিৰ্বাচিত ভিভিপেটৰ স্লিপসমূহ গণনা কৰা হ’ব আৰু সংশ্লিষ্ট ইভিএম ফলাফলৰ সৈতে মিলোৱা হ’ব। এক মুক্ত, নিকা, স্বচ্ছ আৰু দক্ষ গণনা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা, নিৰৱচ্ছিন্ন সমন্বয় আৰু যাৱতীয় সকলো সা-সুবিধাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande