শিৱসাগৰ জিলাত ৪ মে’ৰ ভোট গণনাৰ বাবে চুড়ান্ত প্ৰস্ততি সম্পুৰ্ণ
পুৱা ৮ বজাৰ পৰা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হ'ব গণনা প্ৰক্ৰিয়া ৷
শিৱসাগৰ জিলাত ৪ মে’ৰ ভোট গণনাৰ বাবে চুড়ান্ত প্ৰস্ততি সম্পুৰ্ণ


শিৱসাগৰ, ০৩ মে’ (হি.স.): সদ্য় সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ কাইলৈ ৪ মে’ৰ ভোট গণনাৰ বাবে শিৱসাগৰ জিলাত চুড়ান্ত প্ৰস্ততি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ পুৱা ৮ বজাৰ পৰা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হ'ব গণনা প্ৰক্ৰিয়া ৷ চুড়ান্ত প্ৰস্তুতিৰ বুজ লবলৈ যোৱা শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱে যোৱা কালি শনিবাৰে বিয়লি সাংবাদিকক জানিবলৈ দিয়ে এই কথা ৷

আয়ুক্তগৰাকীয়ে কোৱা মতে, নাজিৰা আৰু ডিমৌ সমষ্টিৰ গণনা ১৭ ৰাউণ্ডত সম্পন্ন কৰা হ'ব ৷ অৱশ্যে শিৱসাগৰ বিধান সভা সমষ্টিৰ গণনা ২০ ৰাউণ্ডত কৰা হ'ব ৷ পুৱা আৰম্ভনিতেই পোষ্টেল ভোটৰ গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত ই ভি এম ৰ গণনা আৰম্ভ হ'ব ৷ গণনাৰ সকলো প্ৰক্ৰিয়া নিৰ্বাচনী আয়োগৰ নীতি - নিয়মৰ আধাৰতেই হ'ব ৷ শান্তিপূৰ্ণ গণনাৰ বাবে সকলো জনসাধাৰণৰ লগতে ৰাজনৈতিক দলৰ কৰ্মকতাৰ পৰা সহায়- সহযোগ কামনা কৰিলে আয়ুক্ত মৃদুল যাদৱে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande