মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি।
মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি


যোৰহাট, ০৩ মে’ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত যোৱা কালি শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় দুজন যুৱকক ধোদৰ আলি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগক লৈয়ে এই পৰিস্থিতিৰ সৃষ্টি হয়।

ধোদৰ আলি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে হেমন্ত বৰা আৰু প্ৰণৱ গগৈ নামৰ যুৱক দুজনক মাৰপিট কৰাৰ অভিযোগ উঠিছে । আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় যুৱক দুজন । ইফালে আক্ৰমন কাৰী এজন কৰ্মচাৰীক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে । ইফালে আৰক্ষীৰ বিৰুদ্ধে আক্ৰমনকাৰী সকলক ৰক্ষণাবেক্ষনা দিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande