
জবলপুৰ, ০৩ মে’ (হি.স.)। মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ নৰ্মদা নদীৰ বৰগী বান্ধত সংঘটিত ক্ৰুজ জাহাজ দুৰ্ঘটনাৰ পিছতে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। দেওবাৰে পুৱা উদ্ধাৰকাৰী দলে অনুসন্ধান অভিযানৰ সময়ত এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰাত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পায়। এতিয়াও আৰু এজন লোক নিৰুদ্দেশ হৈ আছে আৰু অনুসন্ধান অব্যাহত আছে।
উল্লেখ্য যে ৩০ এপ্ৰিলৰ সন্ধিয়া প্ৰচণ্ড ধুমুহাৰ ফলত বৰগী বান্ধত পৰ্যটক কঢ়িয়াই এম পি পৰ্যটন ক্ৰুজ ডুব যায়। জাহাজখনত আছিল প্ৰায় ৪৭ জন পৰ্যটক। প্ৰাথমিক দুদিনীয়া উদ্ধাৰ অভিযানত ৯টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ২৯ জনক উদ্ধাৰ কৰা হয়। পিছদিনা শনিবাৰে (২ মে’) সন্ধিয়া ৬ বজাত দুটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে এজন কামৰাজৰ পুত্ৰ শ্ৰীতমিল (৫) আৰু আনজন কৃষ্ণ সোণীৰ পুত্ৰ বিৰাজ (৫) বুলি চিনাক্ত কৰা হয় ।
শনিবাৰে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান বন্ধ হৈ পৰে। দেওবাৰে পুৱা পুনৰ অনুসন্ধান আৰম্ভ হয়। পুৱা প্ৰায় ৬ বজাত ঘটনাস্থলীৰ পৰা কিছু দূৰৈত আন এটা শিশুৰ মৃতদেহ উদ্ধাৰ হয়। নিহত শিশুটি তামিলনাডুৰ ত্ৰিচিৰ বাসিন্দা ময়ুৰন বুলি জানিব পৰা গৈছে। আত্মীয়-স্বজনক লগ কৰিবলৈ তেওঁ পৰিয়ালৰ সৈতে জবলপুৰলৈ আহিছিল।
এই দুৰ্ঘটনাত এতিয়ালৈকে ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত জবলপুৰৰ কোতৱালি নিবাসী নীতু সোণী (৪৩); সৌভাগ্যম আলাগান (৪২), তামিলনাডুৰ পশ্চিম তাৰাপুৰমৰ আন্না নগৰৰ বাসিন্দা; নতুন দিল্লীৰ খাজান বস্তিৰ বাসিন্দা মধুৰ মেছি (৬২); জবলপুৰৰ পশ্চিম ভূমি খামৰীয়া নিবাসী কামৰাজৰ পত্নী ককুলাঝি (৩৮); জেকচন হোটেলৰ ওচৰৰ ভাচিন আৰ্কেডৰ চিভিল লাইনছৰ বাসিন্দা ৰেশমা চৈয়দ (৬৬); ভোপালৰ দেৰখী নিবাসী ছামিম নাকভি (৬৮); দিল্লীৰ বাসিন্দা প্ৰদীপ মেছিৰ পত্নী মেৰিনা মেছি (৩৯); প্ৰদীপ মেছিৰ পুত্ৰ ত্ৰিশন (৪) দুয়োজনেই দিল্লীৰ বাসিন্দা; জবলপুৰৰ ঘামাপুৰৰ কাষৰ ফুটলা নিবাসী জ্যোতি সেন; কামৰাজৰ পুত্ৰ শ্ৰীতামিল (৫); কৃষ্ণ সোণীৰ পুত্ৰ বিৰাজ (৫); আৰু পৰিমলৰ পুত্ৰ ময়ুৰম (৯)। কেৱল শ্ৰীৰামলিংগমৰ পুত্ৰ কামৰাজ আৰহে সন্ধানহীন হৈ আছে । তেওঁৰ সন্ধান অব্যাহত আছে। উদ্ধাৰ অভিযানত সেনা জোৱানৰ লগতে এনডিআৰএফ আৰু এছডিআৰএফো জড়িত হৈ আছে।
বৰগী চহৰৰ চি এছ পি অঞ্জুল অয়ংক মিশ্ৰই উল্লেখ কৰে যে বৰগী ক্ৰুজ জাহাজ দুৰ্ঘটনাত মৃত্যু হোৱা তামিলনাডু পৰ্যটকৰ মৃতদেহ তেওঁলোকৰ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। জবলপুৰৰ ডুমনা বিমানবন্দৰৰ পৰা কাৰ্গো বিমান যোগে মৃতদেহ ত্ৰিচিলৈ লৈ যোৱা হয়। তেওঁলোকৰ পৰিয়ালেও তেওঁলোকৰ লগত সংগ দিছিল। বাকী থকা মৃতদেহসমূহ পৰ্যায়ক্ৰমে নিজৰ গৃহ ৰাজ্যলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া