
মানকাচৰ, ০৩ মে’ (হি.স.): অসম-মেঘালয় সীমান্তৰ ব্যৱসায়িক সংঘাতক কেন্দ্ৰ কৰি যোৱা কালি বিয়লি মানকাচৰত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । আমছু (AMSU) আৰু স্থানীয় ব্যৱসায়ী সন্থাই মেঘালয়ৰ সৈতে বাণিজ্য বন্ধ ৰখাৰ আহ্বান জনোৱাৰ মাজতেই একাংশই নিয়ম উলংঘা কৰি মেঘালয়ৰ পৰা তামোলৰ গাড়ী অনাৰ চেষ্টা চলায়।
থলুৱা ব্যৱসায়ীসকলে ইয়াক বাধা দিবলৈ চেষ্টা কৰোতে মানকাচৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত অতৰ্কিতে লাঠীচালনা কৰে, যাৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ এই দমনমূলক নীতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আজি বিয়লি আমছু আৰু ব্যৱসায়ীসকলে মানকাচৰ থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে সীমান্তৰ বাণিজ্যিক সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে। বৰ্তমান অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ