জন্মদিনৰ বিশেষ উপহাৰ : হাওৰাঘাটত উন্মোচিত কিৰণ মেধিৰ নতুন কাব্যগ্ৰন্থ ‘ৰিক্ত হৃদয়ৰ সোণোৱালী হাঁহি’
জন্মদিনৰ বিশেষ উপহাৰ : হাওৰাঘাটত উন্মোচন হ’ল কিৰণ মেধিৰ নতুন কাব্যগ্ৰন্থ ‘ৰিক্ত হৃদয়ৰ সোণোৱালী হাঁহি’ ।
জন্মদিনৰ বিশেষ উপহাৰ : হাওৰাঘাটত উন্মোচিত কিৰণ মেধিৰ নতুন কাব্যগ্ৰন্থ ‘ৰিক্ত হৃদয়ৰ সোণোৱালী হাঁহি’


কাৰ্বি আংলং, ০৩ মে’ (হি.স.): জন্মদিন সদায় সকলোৰে বাবে বিশেষ, কিন্তু এগৰাকী সৃষ্টিশীল ব্যক্তিৰ বাবে ইয়াৰ গুৰুত্ব অনন্য । কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বিশিষ্ট কবি, লেখিকা তথা শিক্ষয়ত্ৰী কিৰণ মেধিৰ ৫০ সংখ্যক ওপজা দিনটোত এক ব্যতিক্ৰমী তথা সাহিত্যময় পৰিৱেশত পালন কৰা হয় । এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি লেখিকা মেধিৰ নতুন কাব্যগ্ৰন্থ ‘ৰিক্ত হৃদয়ৰ সোণোৱালী হাঁহি’ শুভ উন্মোচন কৰা হয় ।

হাওৰাঘাটত যোৱা কালি শনিবাৰে বিয়লি আয়োজিত এক বিশেষ অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই গ্ৰন্থখনি উন্মোচন কৰি লেখিকাৰ কাব্যিক যাত্ৰাক প্ৰশংসা কৰে । তেওঁ কয় যে শব্দৰ মাজেৰে হৃদয়ৰ অনুভৱ প্ৰকাশ কৰা কিৰণ মেধিৰ এই নতুন সৃষ্টিয়ে অসমীয়া কাব্য জগতক অধিক সমৃদ্ধ কৰিব । উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিছ হুছেইন, প্ৰাক্তন উপ-সভাপতি ৰাজেন বৰা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক অনিল হাজৰিকা । উপস্থিত বিশিষ্ট ব্যক্তিসকলে লেখিকাৰ শিক্ষয়ত্ৰী জীৱনৰ লগতে তেওঁৰ সাহিত্যিক সাধনাৰ ওপৰত আলোকপাত কৰে ।

সমগ্ৰ অনুষ্ঠানটি সুচাৰূপে পৰিচালনা কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক বিদ্যাৰাম ছিংনাৰে ।জন্মদিনৰ দিনাই নিজৰ নতুন গ্ৰন্থখন ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ পাই আৱেগিক হৈ পৰে লেখিকা কিৰণ মেধি । আনহাতে, লেখিকা গৰাকীৰ স্বামীয়েও এই আনন্দৰ ক্ষণত পত্নীৰ সাহিত্য যাত্ৰাত সদায় সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে । বৰ্তমান হাওৰাঘাটৰ সাহিত্য অনুৰাগীৰ মাজত এই নতুন কাব্যগ্ৰন্থখনক লৈ যথেষ্ট উছাহ দেখিবলৈ পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande